বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অর্জুন দৈমাৰীৰ সমৰ্থনত পলাহগড়ত প্ৰচাৰ চলায়। তেওঁ আজি ৰাজগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ তাঁতিৰ হৈ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত ড০ শৰ্মাই কয়, যে বিটিচিলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ১৫ শ কোটিকৈ টকা আগবঢ়ায় যদিও অঞ্চলটো তুলনামূলকভাৱে এতিয়াও পিছ পৰি আছে।
মুখ্যমন্ত্ৰীয়ে আজি তামুলপুৰ জিলাৰ শুকলাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী লক্ষী দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা তথা দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিকে ধৰি কেইবাটাও জনকল্যাণসমূলক আঁচনিৰ সুবিধা জনসাধাৰণক দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰে।