বিটিচি নিৰ্বাচনত কৰ্তব্য পালন কৰি থকা অৱস্থাতে আজি কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু হয়। মৃত জোৱানজন অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ হাবিলদাৰ ৫৫ বছৰীয়া গোপিকা চক্ৰৱৰ্তী বুলি আমাৰ সংবাদদাতাই জনাইছে। বিটিচি নিৰ্বাচনৰ বাবে চিৰাং জিলাৰ কাজলগাওঁলৈ আহি কালি নিশা তেওঁ অসুস্থ হৈ পৰিছিল। আজি দুপৰীয়া কৰ্তব্যৰ বাবে ওলাই অহাৰ সময়তে তেওঁ পুনৰ অসুস্থ হৈ পৰাত কাজলগাওঁৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে জোৱানজনৰ মৃত্যু হয়।
Site Admin | September 21, 2025 9:16 PM | BTC election | one constable died
বিটিচি নিৰ্বাচনত কৰ্তব্যৰত কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু
