● বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত বিজেপি প্ৰাৰ্থীৰ হৈ বহুকেইখন সভাত অংশগ্রহণ কৰাৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ প্ৰাৰ্থীৰ হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত সভাত অংশ লৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ সভাপতি নবাৰুণ মেধি, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জলকান্তি ৰয়ো উপস্থিত থাকে। সভাত কেইবাহাজাৰো দলীয় কর্মী সমর্থকে অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোকৰাঝাৰৰ ভাওৰাগুৰিত দলীয় প্রার্থী মহেশ্বৰ বসুমতাৰীৰ হৈ আন এখন নিৰ্বাচনী প্ৰচাৰ সভাতো ভাগ লয়। নির্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বি টি আৰত বিজেপি আগবাঢ়ি থকা বুলি উল্লেখ কৰে। তেওঁ কয়, যে বিজেপিয়ে বি টি আৰত সুস্থ পৰিৱেশ ৰক্ষা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। বি টি চিৰ জনসাধাৰণৰ সুৰক্ষা, নিৰাপত্তা আৰু শান্তি পৰৱৰ্তী পাঁচ বছৰত বিজেপিৰ প্ৰথম লক্ষ্য হ’ব বুলিও তেওঁ কয়। বি টি আৰত ৰাজ্য চৰকাৰৰ সকলো আঁচনি ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই বি টি আৰৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত থকা সমন্বয় অতি দৃঢ়তাৰে ধৰি ৰখাৰ লগতে ২৬ টা জনগোষ্ঠীৰ কলা-সংস্কৃতিক জগতসভালৈ লৈ যোৱাৰ চেষ্টা চলোৱা হ’ব বুলিও কয়।
ইপিনে মুখ্যমন্ত্রী ড০ শর্মাই কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এটা অনুষ্ঠানত বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ উন্মোচন কৰে। অনুষ্ঠানত অসমীয়া, বড়ো, বাংলা, আদিবাসী আৰু নেপালী ভাষাত প্ৰস্তুত কৰা নিৰ্বাচনী গীতো মুকলি কৰা হয়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও বাক্সা জিলাৰ বৰমাত সংকল্প পত্ৰ উন্মোচন কৰে । শান্তিপূর্ণ, সুৰক্ষিত, বিকশিত বিটিআৰ- সংকল্প পত্ৰৰ মূল বিষয় বুলি মন্ত্রী শ্রীদাসে প্রকাশ কৰে। এই সংকল্প পত্ৰত বিজেপিৰ ৮টা গেৰাণ্টি সন্নিবিষ্ট কৰাৰ লগতে বিটিআৰ তথা বাক্সাৰ বাবে কেইবাখনো নতুন আঁচনি তথা প্ৰকল্পৰ কথা সন্নিবিষ্ট হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
বাক্সা জিলাতো ৰাজনৈতিক দলসমূহে ব্যাপক নির্বাচনী প্ৰচাৰ চলাইছে। জিলাখনৰ বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপিৰ লগতে ইউ পি পি এল আৰু বিপিএফে তীব্ৰ প্ৰচাৰ চলাইছে। সমষ্টিটোৰ বিজেপি প্রার্থী ৰেখাৰাণী দাস বড়োৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলাইছে।