হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীয়ে বিজ্ঞানীসকলক তেওঁলোকৰ উদ্ভাৱণসমূহ পৰীক্ষাগাৰৰ পৰা বাহিৰলৈ নি সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। পঞ্চকুলাত একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দ্বিতীয় দিনাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে বিজ্ঞানীসকলৰ জ্ঞানে যেতিয়া কৃষকৰ শস্য উৎপাদন বৃদ্ধি কৰে, তেওঁলোকৰ গৱেষণাই যেতিয়া ৰোগীৰ ৰোগ নিৰাময় কৰে আৰু উদ্ভাৱনে যেতিয়া উদ্যোগীসকলক সবল কৰে তেতিয়াই বিজ্ঞানে মানৱ সমাজলৈ সঁচা অৰ্থত সমৃদ্ধি কঢ়িয়াই আনে। শ্রীছাইনীয়ে এই অনুষ্ঠানতে শিক্ষার্থীৰ বিজ্ঞান আৰু প্রযুক্তি গাঁও মুকলি কৰে। এই গাঁৱক আধুনিক ভাৰতৰ নতুন নালন্দা হিচাপে অভিহিত কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজন কৰা এখন বিজ্ঞান প্রদর্শনী পৰিদৰ্শন কৰি বিজ্ঞান আৰু উদ্ভাৱণৰ ক্ষেত্ৰত শেহতীয়া প্রযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰে। ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীছাইনীয়ে কয়, যে বিজ্ঞান কেৱল কেৰিয়াৰ নহয় বৰঞ্চ ৰাষ্ট্ৰ নিৰ্মাণৰ এটা মাধ্যম। তেওঁ সকলো বিজ্ঞানী, গবেষণা প্রতিষ্ঠান, উদ্যোগ আৰু ষ্টার্ট আপসমূহক একেলগে কাম কৰি বিজ্ঞানভিত্তিক এটা উন্নয়নৰ আৰ্হি সৃষ্টি কৰিবলৈ আহ্বান জনাই যাৰ জৰিয়তে প্ৰতিজন নাগৰিকে মানসম্পন্ন জীবন লাভ কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি এটা বহনক্ষম ভবিষ্যত নিশ্চিত কৰাটো সম্ভৱপৰ হ’ব। চাৰিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানত দেশ-বিদেশৰ ৪০ হাজাৰৰো অধিক বিজ্ঞানী তথা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।
Site Admin | December 7, 2025 8:13 PM | Hariyana cm | IISF
বিজ্ঞানীসকলৰ উদ্ভাৱণসমূহৰ দ্বাৰা সমাজৰ প্ৰান্তীয় লোকসকলেও যাতে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনীৰ আহ্বান