বিজেপি চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। গুজৰাটৰ বানাচকাণ্ঠাৰ দিছাত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ’ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে পুনৰ ক্ষমতালৈ আহিলে ভাৰতবৰ্ষক বিশ্বৰ তিনিটা শীৰ্ষৰ অৰ্থ ব্যৱস্থাৰ অন্যতমৰূপে গঢ়ি তোলাৰ বাবে আপ্রাণ চেষ্টা চলাব। তেওঁ লগতে কংগ্ৰেছ দলক তোষামোদ আৰু ভোটবেংকৰ ৰাজনীতিৰ বাবে তীব্র সমালোচনা কৰে। শ্ৰীমোদীয়ে বিকশিত গুজৰাটৰ জৰিয়তে উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধতাৰ কথাও প্ৰকাশ কৰে।