ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিজেপি ক্ষমতালৈ আহিলে ঝাৰখণ্ডত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী হ’ব আৰু জনজাতীয় সকল ইয়াৰ বাহিৰত থাকিবঃ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ মুকলি কৰে। এই উপলক্ষে ভাষণ দি শ্রীশ্বাহে কয় যে, বিজেপি ক্ষমতালৈ আহিলে ঝাৰখণ্ডত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী হব আৰু জনজাতীয় লোকসকল এই বিধি আওতাৰ বাহিৰত থাকিব। তেওঁ কয় যে, ৰাজ্যখনৰ জনগাঁথনি সলনি হোৱাৰ বাবে চল পৰগনা অঞ্চলৰ পৰা বাংলাদেশীৰ অনুপ্ৰৱেশ নিৰীক্ষণৰ বাবে নিয়ম বান্ধি দিয়া হ’ব। শ্রীশ্বাহে কয় যে অনুপ্ৰৱেশকাৰীয়ে জনজাতীয় মহিলাক বিয়া কৰাই তেওঁলোকৰ পৰা মাটি কাঢ়ি লোৱাও পৰিলক্ষিত হৈছে। তেওঁ কয় যে আইন প্ৰস্তুত কৰাৰ পাছত জনজাতীয় লোকৰ ভূমি ঘূৰাই দিয়া হব। শ্ৰীশ্বাহে লগতে কয় যে ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাক গগো দিদি আঁচনিৰ অধীনত প্ৰতিমাহে ২১০০ টকা দিয়া হ’ব । সকলো পৰিয়ালকে ৫০০ টকা ব্যয়েৰে এল পি জি চিলিণ্ডাৰ প্ৰদান কৰা হ’ব আৰু দীপাৱলী তথা ৰাখী বন্ধন উপলক্ষে দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰা হ’ব বুলিও শ্ৰীশ্বাহে প্ৰকাশ কৰে। ৫ বছৰৰ ভিতৰত ৫ লাখ কর্মসংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ লগতে ২ লাখ ৮৭ হাজাৰ চৰকাৰী খালী পদ সময়মতে পূৰণ কৰা হব বুলিও মন্ত্ৰী শ্বাহে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।