বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ বিহাৰত ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত

● বিহাৰত শাসনাধিষ্ঠিত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এই আজি ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে দাৰভাঙ্গাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত এন ডি এ সমর্থিত দলসমূহে এই বন্ধৰ আহ্বান জনায়। আজি পুৱাৰে পৰা বিজেপি আৰু জনতা দল ইউনাইটেডকে ধৰি অন্যান্য দলৰ নেতাসকলে বিভিন্ন স্থানত বন্ধৰ সমৰ্থনত ধর্ণা দিয়ে। পাটনা, বেগুচৰাই, মুংগাৰ, ভগলপুৰ, ছেওহৰ আৰু ভোজপুৰকে ধৰি প্রায় সকলো জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। বন্ধৰ সময়ছোৱাত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ বিধায়ক, সাংসদ, জিলা সভাপতি আৰু জ্যেষ্ঠ নেতাসকলে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ বিৰুদ্ধে পথে পথে শ্লোগান দিয়ে। এন ডি এ সমর্থিত বিভিন্ন দলৰ মহিলা মৰ্চাসমূহেও ভিন ভিন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।