● সমাগত বিধানসভা নির্বাচনত বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰঙিয়াত প্ৰকাশ কৰে। ইয়াৰে ২২ টা সমষ্টিত জনগাঁঠনিগত কাৰণত তেওঁলোক জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি ৰঙিয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাইজে ভালপোৱা প্রার্থীক প্রার্থীত্ব দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
অগপৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্ভত আলোচনা চলি থকা বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই প্ৰসংগতে ৰঙিয়া সমষ্টিটোত অগপৰ প্ৰাৰ্থী দিয়া নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।