বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে, যে ৬০ দিন পাছত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ’ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় তথা অন্তিম দিনা দলীয় কর্মীসকলক উদ্দেশি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইদৰে কয়। নামনি অসমৰ পিছত উজনি অসমতো এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত সকলোকে সজাগ-সচেতন হ’বলৈ তেওঁ আহ্বান জনায়। ড০ শর্মাই কয়, যে অসমত শংকৰ-আজান নহয়, শংকৰ- মাধৱদেৱহে আছিল। শংকৰ আৰু আজানৰ আদৰ্শৰ মিল নাই বুলিও ড০ শৰ্মাই উল্লেখ কৰে। আনহাতে, লাচিত বৰফুকনক বাঘ হাজৰিকাৰ সৈতে তুলনা নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে আজান আৰু বাঘ হাজৰিকা য’ত আছিল তাতেই থাকিব লাগে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও আজি কার্যনির্বাহক সভাত অংশগ্ৰহণ কৰি দলীয় নেতা-কর্মীক উদ্দেশ্যি ভাষণ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।