বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ-সভাপতি বিজয়া চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ-সভাপতি বিজয়া চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বর্ষীয়ান নেত্ৰীগৰাকীৰ সৈতে কিছুসময় কটায় আৰু তেওঁৰ চিকিৎ‍সাৰ সম্পূৰ্ণ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি প্ৰকাশ কৰে ।
মুখ্যমন্ত্ৰীয়ে আজি একেখন চিকিৎসালয়তে চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ অভিনেতা জয়ন্ত ভাগৱতীৰো স্বাস্থ্যৰ বুজ লয়। ভাগৱতীৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয়ও অসম চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে পাছত প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।