ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 8, 2025 9:05 PM | Advani

printer

বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীলৈ জন্ম দিনৰ শুভেচ্ছা উপ-ৰাষ্ট্ৰপতিৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক তেওঁৰ ৯৮ সংখ্যক জন্ম দিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে আদৱানীৰ সু-স্বাস্থ্য আৰু দীর্ঘজীবন কামনা কৰে। প্রধানমনন্ত্রীয়ে আদবানীক দেশৰ প্ৰগতিৰ বাবে জীবন উৎসর্গা কৰা এগৰাকী ভবিষ্যদর্শী আৰু বিচক্ষণ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে শ্রী আদবানীয়ে নিস্বার্থ কর্তব্য আৰু দৃঢ় সিদ্ধান্তৰ আদৰ্শ অনুসৰণ কৰি আহিছে। শ্রী আদবানীৰ অৱদানে ভাৰতবৰ্ষৰ গণতান্ত্রিক আৰু সাংস্কৃতিক প্রেক্ষাপটত মচিব নোৱাৰা চাপ পেলাইছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে বিচক্ষণ নেতা আৰু দেশৰ গণতান্ত্রিক যাত্ৰাৰ পথ প্রদর্শক শক্তি হিচাপে শ্রীআদৱানিক প্রশংসা কৰে। তেওঁ কয় যে শ্রীআদৱানীয়ে ৰাষ্ট্ৰৰ প্ৰগতি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। বর্ণিল কর্মজীৱনত শ্রীআদৱানিয়ে ভবিষ্যদর্শী নেতৃত্ব আৰু ৰাজহুৱা সেৱাৰ প্ৰতি গভীৰ প্ৰতিশ্রুতিবদ্ধতাৰ পৰিচয় দিয়া বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণমে কয় যে তেওঁৰ অৱদানে ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু সাস্কৃতিক প্রেক্ষাপটক আকাৰ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।