ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ প্ৰতি নতুন দিল্লীৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নতুন দিল্লীৰ এইমছত আজি পুৱা এই জ্যেষ্ঠ নেতাগৰাকীৰ ৯৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ বি জে পি দিল্লী গোটৰ প্ৰথমগৰাকী সভাপতি হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল। বিজয় কুমাৰ মালহোত্ৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমত কয়, যে তেওঁ এগৰাকী অসাধাৰণ আৰু সকলোকে গভীৰভাৱে বুজি পোৱা তথা সকলোৰে সন্মানীয় নেতা আছিল। ক্রীড়া, প্ৰশাসনৰ লগতে জন-জীৱনলৈ তেওঁ আগবঢ়াই থৈ যোৱা অৱদান সকলোৰে মাজত চিৰস্মৰণীয় হৈ ৰব। প্রধানমন্ত্রী মোদীয়ে কয়, যে শ্রীমালহোত্ৰা জনসাধাৰণৰ সমস্যা গভীৰভাৱে উপলব্ধি কৰিব পৰা এগৰাকী ব্যক্তি আছিল। শ্রীমোদীয়ে লগতে দিল্লীত বিজেপিৰ সংগঠনক শক্তিশালী কৰি তোলাত শ্ৰীমালহোত্রাই আগবঢ়াই যোৱা অৱদানো সোঁৱৰণ কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জগৎ প্ৰসাদ নাড্ডাকে ধৰি আন দলীয় নেতাসকলে শ্ৰীমালহোত্ৰাৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীশ্বাহে কয়, যে দিল্লী বিজেপি গোটৰ সভাপতি, দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে বা জন প্রতিনিধি হিচাপে প্ৰবীণ নেতাগৰাকীয়ে প্ৰতিটো ভূমিকাতে দেশ তথা দিল্লীৰ জনসাধাৰণলৈ সেৱা আগবঢ়াইছিল। বিজেপিৰ সভাপতি জে পি নাড্ডাই শোক প্ৰকাশ কৰি কয়, যে বিজয় কুমাৰ মালহোত্ৰা সৰলতা আৰু কৰ্মনিষ্ঠাৰ বাবে জনাজাত। দিল্লীত বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰি তোলাৰ লগতে অগণন কৰ্মীক নেতাগৰাকীয়ে উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল বুলি শ্রীনাড্ডাই প্ৰকাশ কৰে। দলীয় কৰ্মীসকলে শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে কাইলৈ বিজয় কুমাৰ মালহোত্ৰাৰ শৱদেহ পন্তমাৰ্গত থকা বিজেপিৰ কাৰ্য্যালয়লৈ অনা হ’ব আৰু কাইলৈয়ে সৎকাৰ সম্পন্ন কৰা হ’ব।
Site Admin | September 30, 2025 7:53 PM | Bijoy Kumar Malhotra BJP Senior leader
বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ দেহাৱসানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন