ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 26, 2024 8:42 PM | Amit Shah

printer

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ বিহাৰৰ কাৰাকাটত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে এই বুলি দাবী কৰিছে যে, তেওঁৰ চৰকাৰে চলিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়লৈকে ৩১০ খন আসনৰ সংখ্যা পাৰ কৰিছে আৰু দুটা পৰ্যায়ৰ পৰা দলে এন ডি এৰ সহযোগী মিত্ৰজোঁটৰ সৈতে ৪০০ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ব। বিহাৰৰ কাৰাকাটত আজি এটা ৰেলীক সম্বোধন কৰি শ্ৰীশ্বাহে কাৰাকাট সমষ্টিৰ আসনকনৰ বাবে এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত দিয়া প্ৰতিটো ভোটেই শ্ৰীমোদীক পুনৰ প্রধানমন্ত্ৰী হোৱাত সহায় কৰিব। বিহাৰত সাতোটা পৰ্যায়তে লোকসভা নির্বাচন অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ কাৰাকা আসনখনৰ বাবে সপ্তম তথা অন্তিম পৰ্যায়ত অহা পহিলা জুনত ভোটগ্ৰহণ কৰা হ’ব। ৪ জুনত ভোটগণনা কৰা হ’ব ।