বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। দলৰ ৰিটাৰ্ণিং বিষয়া ড০ কে লক্ষ্মণে আজি শ্ৰীনবীনক নতুন দিল্লীত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰাৰ লগতে সংগঠন পৰ্ব অনুষ্ঠানত নিৰ্বাচনৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। শ্ৰীনবীনক দলৰ জ্যেষ্ঠ নেতাসকল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা আৰু কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সম্বৰ্দ্ধনা জনায়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্রীনবীনক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে বিজেপি দল হৈছে পৃথিৱীৰ ভিতৰতে এটা সৰ্ববৃহৎ ৰাজনৈতিক দল। শ্ৰীনবীনে দলৰ ঐতিহ্যক আগবঢ়াই নিব পাৰিব বুলি প্রধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে ন-কৈ নিযুক্তিপ্রাপ্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৃহৎ অর্থনৈতিক, সামাজিক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ সাক্ষী হোৱা প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডেকা শক্তিৰ উদ্যম আৰু সাংগঠনিক কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট শ্ৰীনবীনৰ নেতৃত্বত দলৰ কৰ্মীসকল উপকৃত হ’ব।প্রধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা কেইবাটাও মাহত দলৰ ৰাষ্ট্ৰীয় সভাপতি নির্বাচন প্ৰক্ৰিয়াত তৃণমূল পৰ্যায়ৰ গোটসমূহকে ধৰি সকলো পৰ্যায়ত গণতান্ত্ৰিক প্ৰক্ৰিয়া মানি চলা হৈছে। তেওঁ লগতে কয় যে দলৰ নেতৃত্ব পৰম্পৰা, অভিজ্ঞতা আৰু সেৱাৰ মনোভাৱেৰে পৰিচালিত হয়। শ্রীমোদীয়ে কয় যে দলৰ বৃহৎ সংগঠন পৰ্ব বিজেপিৰ গণতান্ত্রিক বিশ্বাস, সাংগঠনিক নিয়মানুৱৰ্তিতা আৰু কৰ্মীকেন্দ্ৰিক মনোভাৱৰ প্ৰতীক। জনসাধাৰণৰ বিশ্বাসে দলটোক শক্তিশালী কৰি অহা বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিগত ১১ বছৰ দলটোৱে জনসাধাৰণৰ আস্থা আদায় কৰাৰ ক্ষেত্ৰত এটা উল্লেখনীয় যাত্ৰা কৰিছে। তেওঁ কয় যে জনসাধাৰণৰ সেৱাই হৈছে দলৰ আটাইতকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়।
কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই নৱনিৰ্বাচিত সভাপতি নীতিন নবীনৰ নিৰ্বাচন সন্দৰ্ভত সম্বর্ধনা জনাই কয় যে এয়া এটা ঐতিহাসিক অনুষ্ঠান। শ্রীনাড্ডাই কয় যে নীতিন নবীনৰ এটা আদর্শগত পটভূমি আছে আৰু তেওঁ অতি কম বয়সতে পাঁচবাৰকৈ বিধায়ক হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ কয় যে এজন তৰুণ, উদ্যমী আৰু প্ৰতিভাবান ব্যক্তিয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব বহন কৰিছে।