January 20, 2026 11:25 AM | Nitin Nabin

printer

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ নতুন সভাপতিৰ পথত

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলৰ নতুন সভাপতি হ’বলৈ আগবাঢ়িছে। দলটোৰ ৰাষ্ট্ৰীয় ৰির্টানিং বিষয়া ড০ কে লক্ষ্মণে জনোৱা মতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে কেৱল নীতিন নবীনৰ নাম প্ৰস্তাৱ কৰা হয়। আজি আনুষ্ঠানিকভাৱে নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেওঁক নিৰ্বাচনৰ কথা ঘোষণা কৰা হ’ব বুলি ড০ লক্ষ্মণে প্ৰকাশ কৰে। তেওঁ কয়, যে নীতিন নবীনৰ সপক্ষে ৩৭ খন মনোনয়ন পত্ৰ লাভ কৰা হৈছিল আৰু মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ সময়ত সকলোবোৰ সঠিকভাৱে পূৰণ কৰাৰ লগতে বৈধ হিচাপে বিবেচিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ সংসদীয় দল পৰিষদৰ অন্যান্য সদস্যসকলে এই পদৰ বাবে নীতিন নবীনৰ নাম প্ৰস্তাৱ কৰিছিল। উল্লেখযোগ্য যে দলটোৰ ৰাষ্ট্রীয় পৰিষদ আৰু ৰাজ্যিক পৰিষদৰ প্রতিনিধিসকলেৰে গঠিত এটা নির্বাচনী গোটে নতুন ৰাষ্ট্ৰীয় সভাপতিগৰাকীক নির্বাচন কৰে। সম্প্ৰতি সভাপতি হিচাপে থকা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা ২০১৯ চনৰ জুনত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু পাছত ২০২০ চনৰ জানুৱাৰীত সর্বসম্মতিক্রমে দলৰ সভাপতি হিচাপে নির্বাচিত হয়।