বিচিত্ৰতা ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি: প্ৰধানমন্ত্ৰী মোদী

বিচিত্ৰতা ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেটি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ত্রিদেশীয় ভ্রমণসূচীৰ অন্তিম পৰ্যায়ত আজি অ’মানৰ মাছকাটত প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীসকলক উদ্দেশি ভাষণ দি প্রধানমন্ত্রী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতীয়সকলৰ বাবে প্ৰতিটো দিনে নতুন ৰং, প্ৰতিটো ঋতু নতুন উৎসৱ আৰু প্ৰতিটো পৰম্পৰা নতুন অৱধাৰণা স্বৰূপ। এইবাবে ভাৰতীয়সকল য’লৈকে যায়, তেওঁলোকে সেই ঠাইৰ বিবিধতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ভাৰত-অ’মান ব্যৱসায় শীৰ্ষ সন্মিলনত ভাগ লয়। সন্মিলনত দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে ভাৰত-অ’মান ব্যৱসায় শীর্ষ সন্মিলনে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন গতি আৰু দিশ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, যে ব্যৱসায় জগতৰ কাণ্ডাৰীসকল মাণ্ডৱী আৰু মাছকাটক সংযুক্ত কৰা ঐতিহাসিক সামুদ্রিক ঐতিহ্যৰ উত্তৰাধিকাৰী। তেওঁ কয়, যে সময়ৰ সোঁতৰ সৈতে ভাৰত আৰু অ’মানৰ মাজত মৈত্রী বান্ধোন ক্ৰমাৎ শক্তিশালী হৈ উঠিছে।
দেশখনৰ সৈতে ৭০ বছৰৰ কূটনৈতিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে আস্থা আৰু মিত্ৰতা দেশ দুখনৰ মাজৰ সম্পৰ্কৰ মূল ভেঁটি। এই সম্পর্ক সম্প্রতি উমৈহতীয়া ঐতিহ্যকেন্দ্রিক সমৃদ্ধিশালী ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। সন্মিলনত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ দিনটোক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰত আৰু অ’মানে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে সৰ্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰিব। ইয়াৰ পূৰ্বে অ’মানৰ বাণিজ্য মন্ত্ৰী কেইছ বিন মহম্মদ অল য়ুছুফে ভাৰতীয় প্ৰতিনিধি দলক আদৰণি জনাই দেশ দুখনৰ মাজৰ শক্তিশালী ঐতিহাসিক সম্পৰ্ক আৰু ভৱিষ্যতৰ বিকাশৰ বাবে ঔমৈহতীয়া দৃষ্টিকোণৰ বিষয়ে আলোকপাত কৰে।