January 5, 2025 8:48 PM | BCCI

printer

বিচিচিআইৰ শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা

ভাৰতৰ বিশেষভাৱে সক্ষম ক্রিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাচনি কমিটিয়ে আজি শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা কৰিছে। অহা ১২ জানুৱাৰীৰ পৰা শ্ৰীলংকাত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব। বিক্ৰান্ত ৰবীন্দ্ৰ কেনিক ভাৰতীয় দলৰ অধিনায়ক হিচাপে বাচনি কৰা হৈছে। ২০১৯ চনত পোনপ্ৰথমবাৰৰ বাবে শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈসকলৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এইবাৰৰ এই প্ৰতিযোগিতাৰ প্ৰথম দিনা ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন ২১ জানুৱাৰীত অনুষ্ঠিত হ’ব।