বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ ১ লাখ ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ২০১৪ চনৰ পৰা দেশে থলুৱাভাৱে উৎপাদিত ৪০ খন যুদ্ধ জাহাজ আৰু ছাবমেৰিন হস্তান্তৰ কৰিছে। শ্রীমোদীয়ে কয়, যে বর্তমান ভাৰতে অধিকাংশ প্ৰতিৰক্ষা সা-সামগ্ৰী ঘৰুৱাভাৱে উৎপাদন কৰে আৰু গড় হিচাপে প্রত্যেক ৪০ দিনত নৌবাহিনীত একোখনকৈ নতুন যুদ্ধ জাহাজ অথবা ছাবমেৰিন সংযোজিত হৈ আহিছে। প্ৰতি বছৰে ভাৰতীয় সশস্ত্র বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ তেওঁ বাৰ্ষিক পৰম্পৰা অনুসৰি কালি তেওঁ গোৱা আৰু কৰৱাৰৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌবাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ মাজত থকা অভূতপূর্ব সমন্বয়ে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক আত্মসমৰ্পণ কৰাবলৈ বাধ্য কৰোৱায়। আই এন এছ বিক্রান্ত-আত্মনিৰ্ভৰ ভাৰত আৰু মেড-ইন- ইণ্ডিয়াৰ সৰ্বশ্ৰেষ্ঠ প্রতীক বুলি তেওঁ উল্লেখ কৰে। নিৰাপত্তা বাহিনীসমূহৰ সাহস আৰু দৃঢ়তাৰ শলাগ লৈ শ্রীমোদীয়ে কয়, যে তেওঁলোকৰ সংকল্প আৰু দৃঢ়তাৰ বাবেই মাওবাদী সন্ত্রাসবাদী নোহোৱা কৰাৰ ক্ষেত্ৰত দেশে উল্লেখনীয় সাফল্য অর্জন কৰিছে।
Site Admin | October 21, 2025 10:49 AM | PM Modi at INS Vikrant
বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ ১ লাখ ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
