বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ তাপমাত্রা দুদিনৰ ভিতৰত কমেও ৬ ডিগ্রী হ্রাস পাইছে। তদুপৰি যোৱা দুদিনত অঞ্চলটোত বেলিৰ পোহৰ যথেষ্ট কম হোৱাৰ বাবে জনসাধাৰণে শীতৰ প্রকোপ বাড়া যেন অনুভব কৰিছে। কালি গুৱাহাটীৰ সর্বোচ্চ তাপমাত্রা ১৮ দশমিক ৫ ডিগ্রী আৰু সর্বনিম্ন ১৫.৬ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰে। ৰাজ্যৰ ভিতৰত সর্বোচ্চ তাপমাত্রা ধুবুৰীত সর্বাধিক হ্রাস পাইছে। কালি জিলাখনত ১৬.৯ ডিগ্রী ছেলছিয়াচ সর্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। জিলাখনত সর্বনিম্ন তাপমাত্রা আছিল ১৩.৯ ডিগ্রী ছেলছিয়াছ। ডিব্ৰুগড়ত কালি সর্বোচ্চ তাপমাত্রা ২৫.৭ ডিগ্ৰী আৰু সর্বনিম্ন ১২.৮ ডিগ্রী ছেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়।

গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তজার্তিক বিমান বন্দৰত কালি কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবা ঘণ্টাও বিলম্ব হয়। শীত প্রবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত ২৪ ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহে কমেও ১২৮ খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। ভালেসংখ্যক বিমান বন্দৰত ইয়েল্ল এলার্ট জাৰি কৰা হৈছে। তদুপৰি ৰাজধানী চহৰ দিল্লীৰ পৰা ভিন্ন প্ৰান্তলৈ উৰা মাৰিবলগীয়া ২০০ খন বিমানৰ উৰণৰ সময়সূচী পিছুৱাই দিয়া হয়। পৰৱৰ্তী কেইটামান দিনতো অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন একেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। অসমত অহা ২ জানুৱাৰীলৈ আকাশ ঘন কুঁৱলীয়ে ঢাকি ৰাখিব বুলি কোৱা হৈছে। মেঘালয়, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডতো ২ জানুৱাৰী পর্যন্ত ঘন কুঁৱলী থাকিব বুলি কোৱা হৈছে।

ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে কমেও ৪৮ খন ৰে’ল পলমকৈ চলাচল কৰাবলগীয়া হৈছে। সর্তকতামূলক ব্যৱস্থা হিচাপে ৰে’লৰ গতি হ্রাস কৰা হৈছে। উত্তৰ ভাৰতত দ্বাদশ শ্রেণী পর্যন্ত বিদ্যালয়সমূহত পাঠদান শীতৰ বাবে বন্ধ ৰখা হৈছে।

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাতো গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ডাঠ কুঁৱলীয়ে আৱৰি থাকিব। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২০ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু মণিপুৰত পাতলীয়া বৰষুণৰ লগতে ডাঠ কুঁৱলীয়ে আৱৰি থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগলি বতৰা দিছে।