ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 17, 2024 11:49 AM | Vikashor 12 Din

printer

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান

ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নীত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰৰ পৰা গ্ৰহণ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব। আজি বৰপেটা, দৰং, ধুবুৰী, গোৱালাপাৰা, তামুলপুৰ, বঙাইগাঁও, চিৰাং, ধেমাজি আৰু চৰাইদেউ জিলাত আয়োজিত এই কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। বৰপেটা জিলাত জয়ন্ত মল্লবৰুৱা, দৰঙত ৰূপেশ গোৱালা, ধেমাজি জিলাত যোগেন মহন, গোৱালপাৰাত অশোক সিংহল, তামুলপুৰত নন্দিতা গাৰ্লোচা, বঙাইগাঁৱত ৰণজিৎ‍ কুমাৰ দাস আৰু চৰাইদেউত মন্ত্ৰী বিমল বৰা এই অনুষ্ঠানত অংশ ল’ব।