ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্যৰে গোলাঘাটত হিতাধিকাৰীসকলৰ সাহায্য বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বান সাহায্য বিতৰণ, বীজ সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্রী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ প্ৰক্ৰিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কৃষি মন্ত্রী অতুল বৰা, বিত্ত মন্ত্রী অজন্তা নেওগ আৰু গোলাঘাট জিলাৰ বিধায়কসকল উপস্থিত থাকিব। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী শর্মাই গোলাঘাটত নির্মিয়মান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল লগতে জিলা আয়ুক্ত কাৰ্যালয়ও পৰিদৰ্শন কৰিব। বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অধীনত গোলাঘাটত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত তৃতীয়বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ঋণ মাফ কৰি দিয়া প্ৰমাণপত্ৰ বিতৰণ কৰা হ’ব। এই আঁচনিৰ অধীনত জিলাখনৰ ৫,১১৯ গৰাকী ঋণী উপকৃত হ’ব। আনহাতে প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত ১৮৯ গৰাকী হিতাধিকাৰীয়ে মূলধনী বিনিয়োগৰ ওপৰত ৰাজ সাহায্য লাভ কৰিব। জিলাখনত ২,০৯১ গৰাকী হিতাধিকাৰীক দুর্যোগ ক্ষতিগ্ৰস্ত পৰিয়ালৰ আঁচনিৰ অধীনত সাহায্য প্ৰদান কৰা হ’ব।সমান্তৰালভাৱে বজালী, বাক্সা, কাছাৰজিলা, ডিমা হাচাও জিলা, কোকৰাঝাৰ জিলা, তামুলপুৰ জিলা, তিনিচুকীয়া, মৰিগাঁও আৰু হাইলাকান্দিতো বিকাশৰ ১২ দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। বজালী জিলাত আয়োজিত অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বাক্সা জিলাত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, শিলচৰত মন্ত্ৰী কৃষেন্দু পাল, কোকৰাঝাৰত বি টি চিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো, তামুলপুৰত জয়ন্ত মল্লবৰুৱা, মৰিগাঁৱত কেশৱ মহন্ত, হাইলাকান্দিত মন্ত্রী কৌশিক ৰায়ে এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰণ কৰিব।