বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানৰ প্রকাশ

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানে প্রকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সমাজৰ দৰিদ্ৰ লোকসকলে অধিক সুবিধা লাভ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে ১২৫ কর্মদিনৰ সুবিধা প্ৰদান কৰিব। পূৰ্বতে এম জি এনৰেগাৰ জৰিয়তে কেৱল ১০০টা কৰ্মদিনৰ সুবিধা প্ৰদান কৰা হৈছিল। তেওঁ লগতে কয় যে বিধেয়কখনত কোনো কামৰ সুবিধা লাভ নকৰা লোকসকলৰ বাবে বিশেষ ভাটাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি কৃষকসকলৰ বাবেও বিধেয়কখনত বিশেষ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে বিধেয়কখনৰ বাবে ১ লাখ ৫১ হাজাৰ কোটিতকৈও অধিক টকাৰ প্ৰস্তাৱ দিয়াৰ প্ৰসঙ্গ উল্লেখ কৰি কয় যে বিধেয়কখনত প্রশাসনিক ব্যয় পূৰ্বৰ ৬ শতাংশৰ পৰা ৯ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ইয়াৰ জৰিয়তে পঞ্চায়ত সচিব, নিয়োগ সহায়ক আৰু কাৰিকৰী লোকসকলক সময়মতে উপযুক্ত পাৰিতোষিক আগবঢ়াব পৰা যাব। বিধেয়কখনক লৈ অধিক আস্থা প্রকাশ কৰি তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে গ্রামাঞ্চলৰ পানী সংৰক্ষণ, আন্তঃগাঁথনি উন্নয়ন আৰু প্রাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব পৰা হ’ব। এই ব্যৱস্থাই দেশৰ গাঁওসমূহক অধিক স্বাৱলম্বী আৰু দৰিদ্ৰতামুক্ত কৰি তোলাত সহায় কৰিব। বিধেয়কখনে উন্নত ভাৰত নিৰ্মাণৰ বাবে গ্রামাঞ্চল উন্নয়নৰ বাবে চৰকাৰে যি প্রতিশ্রুতি দিছিল সেই প্রতিশ্রুতিও পূৰণ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বার্তাটোত উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।