ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে বিকশিত ভাৰত জি ৰাম জী বিধেয়কখনত আজি স্বাক্ষৰ কৰে। এই স্বাক্ষৰৰ পাছতেই শীতকালীন অধিবেশনত গৃহীত হোৱা বিধেয়কখন আইনত পৰিণত হয়। উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনৰেগা আইনৰ পৰিৱৰ্তে বি ভি জি ৰাম জী বিধেয়কখন গৃহীত হৈছিল। ইয়াৰ জৰিয়তে গ্রামাঞ্চলৰ নিবনুৱা লোকসকলক ১২৫টা কৰ্মদিনৰ নিশ্চয়তা প্রদান কৰা হৈছিল। শাসকীয় পক্ষই দাবী কৰা অনুসৰি এই আইনে গ্রামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন আৰু দৰিদ্ৰতা নির্মূলৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব।
Site Admin | December 21, 2025 8:28 PM | Viksit Bharat G RAM G Bill 2025
বিকশিত ভাৰত জি ৰাম জী বিধেয়কখনত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ স্বাক্ষৰ