ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 2, 2025 8:03 PM | Jagdeep Dhankhar

printer

বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰ। তেওঁ কয়, যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেৰালাৰ তিৰুৱনন্তপুৰত আজি ভাৰতীয় বিচাৰকেন্দ্ৰমে আয়োজন কৰা চতুৰ্থ পি পৰমেশ্বৰণ স্মাৰক বক্তৃতা অনুষ্ঠানত তেওঁ এইকথা প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয়, যে দেশত বৰ্তমান ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজসমূহে আমাক গোলকীয় পৰ্যায়ত গৌৰৱান্বিত কৰিছে। তেওঁ লগতে কয়, যে গাওঁ পর্যায়তো সুসংগঠিত ভাৰত হৈছে বিশ্বৰ একমাত্ৰ গণতান্ত্রিক দেশ। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে বর্তমান বিশ্বৰ পঞ্চম অৰ্থব্যৱস্থাৰ দেশ ভাৰত অচিৰেই চতুৰ্থ অৰ্থব্যৱস্থাৰ দেশ হিচাপে পৰিগণিত হ’ব।