ডাউনলোড
মোবাইল এপ

android apple
signal

বাৰানসীৰ মেহদিগঞ্জত ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীৰ মেহদিগঞ্জত আজি ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পথ আন্তঃগাঁথনিৰ বিকাশ, বিদ্যুৎ, শিক্ষা আৰু পৰ্যটন খণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহৰ জৰিয়তে বাৰাণসীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত এখন জনসভাত অংশ লৈ বাৰানসী চহৰৰ দ্ৰুত উন্নয়নৰ বিষয়ত আলোকপাত কৰি কয়, যে কাশী এতিয়া কেৱল এখন প্রাচীন চহৰ হিচাপে পৰিচিত হোৱাই নহয়, বৰং প্ৰগতিৰ উল্লেখনীয় নিদর্শন হিচাপেও পৰিচিত হৈছে। শ্ৰী মোদীয়ে এই প্রাচীন চহৰখনৰ আন্তঃগাঁথনি উন্নয়ন সাধনেৰে ধৰ্মীয় পৰ্যটন খণ্ড তথা অত্যাধুনিক নগৰ হিচাপে গঢ়ি তোলাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।প্রধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰা ৭০ বছৰ বয়সৰ উৰ্দ্ধৰ তিনিগৰাকী জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ৱয়’ বন্দনা কার্ড, তিনিখন ভৌগোলিক সূচাংক প্ৰমাণ পত্ৰ আৰু ৰাজ্যখনৰ দুগ্ধখণ্ডৰ সৈতে জড়িত কৃষকসকলৰ বাবে ১০৬ কোটি টকাৰ বোনাছ হস্তান্তৰ কৰে।শ্ৰী মোদী আজি বিয়লি ভাগত মধ্যপ্ৰদেশলৈ যাব। তাত তেওঁ ইছাগড়ৰ গুৰুজী মহাৰাজ মন্দিৰত পূজা-অৰ্চনা কৰিব। শ্ৰী মোদীয়ে আনন্দপুৰ ধামত এটা ৰাজহুৱা অনুষ্ঠানত অংশ ল’ব আৰু এটা সমাৱেশত ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক