প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰি প্ৰায় দুহেজাৰ ২০০ কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ তাত এখন জনসভাতো অংশ ল’ব। শ্রীমোদীয়ে বাৰাণসীৰ পৰাই কৃষক কল্যাণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ ২০ সংখ্যক কিস্তি মুকলি কৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ ৯ কোটি ৭ লাখৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ ২০ হাজাৰ ৫০০ কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ’ব। ইয়াকে ধৰি এই আঁচনিৰ অধীনত মোকলাই দিয়া মুঠ ধনৰ পৰিমাণ হ’ব ৩ দশমিক ৯০ লাখ কোটি টকা।প্রধানমন্ত্রী মোদীয়ে আজি বাৰাণসীৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেইবাটাও আন্তঃগাঁথনিমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ পুনৰ নিৰ্মাণ কৰি উলিওৱা বাৰাণসী-ভাদোহী আৰু চিতৌনি-স্থূল টংকেশ্বৰ পথৰ লগতে হৰিদত্তপুৰত এখন ৰে’লৱে অভাৰব্ৰীজ মুকলি কৰিব। সমষ্টিটোৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে শ্রীমোদীয়ে স্মার্ট বিতৰণ প্ৰকল্পৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ লগতে ৮ হাজাৰ ৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মাটিৰ তলেৰে বৈদ্যুতিন আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে জলজীৱন মিছনৰ অধীনত ৪৭ খন গ্ৰাম্য খোৱাপানী আঁচনি মুকলি কৰিব।
Site Admin | August 2, 2025 12:17 PM | PM Visit Varanasi
বাৰানসীত প্ৰধানমন্ত্ৰীৰ ২,২০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন