বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল আজি বাহৰেইনত উপস্থিত হৈছে। দলটোৱে সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক দেশখনৰ নেতৃবৰ্গৰ সন্মুখত তুলি ধৰিব। এই মুখামুখিত প্রতিনিধিদলটোৱে সীমান্তৰ সিপাৰৰ পৰা চলি থকা সন্ত্ৰাসবাদ সম্পৰ্কত ভাৰতৰ অনমনীয় স্থিতিৰ সন্দৰ্ভতো দেশখনক অৱগত কৰাব। সাংসদ পাণ্ডা আৰু অন্যান্যসকলক বিমান বন্দৰত বাহৰেইনত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনোদ কে জেকবে আদৰণি জনায়। এই প্রতিনিধি দলটোত আছে বিদেশ সচিব হর্ষ বর্ধন শ্রিংলা, এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন অ’ৱেইছি, ৰাজ্যসভাৰ সাংসদ ৰেখা শৰ্মা, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মন্ত্রী গুলাম নবী আজাদ, ৰাজ্যসভাৰ সাংসদ স্যাম সিং সান্ধু, বিজেপিৰ সাংসদ ফাংগন কন্যাক আৰু বিজেপিৰ সাংসদ নিশিকান্ত ডুবে। এই প্রতিনিধি দলটোৱে ছৌদি আৰব, কুৱেইট আৰু আলজেৰিয়াও ভ্ৰমণ কৰিব।
কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ আন এটা উচ্চ পৰ্যায়ৰ সৰ্বদলীয় দল আজি পুৱা দিল্লীৰ পৰা ৫ খন দেশৰ কূটনৈতিক ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হৈছে। প্ৰথম পৰ্যায়ত দলটো গায়ানালৈ যাব। তাৰ পাছত ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্র, পানামা, ব্রাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। দিল্লীৰ পৰা ৰাওনা হোৱাৰ পূৰ্বে শ্ৰী থাৰুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি প্ৰকাশ কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰে। তেওঁ এই অভিযানক শান্তি আৰু আশাৰ অভিযান হিচাপে অভিহিত কৰে।
ইপিনে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাই নেতৃত্ব দিয়া আন এটা প্রতিনিধি দল জাপানত উপস্থিত হৈছে। দলটোৱে টকিঅৰ ভাৰতীয় দূতাবাসত প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰে। এই সমাবেশত শ্ৰী ঝাই ২২ এপ্ৰিলত হোৱা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ ভূমিকা সন্দৰ্ভত ব্যাখ্যা কৰে । তেওঁ লগতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি অপাৰেচন সিন্দুৰৰ জৰিয়তে কিদৰে উৎখাত কৰা হ’ল, সেই বিষয়েও জনায়। প্রতিনিধি দলটোৱে ভাৰতৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাক স্পষ্ট কৰি দি কয় যে সন্ত্রাস আৰু আলোচনা একেলগে আগুৱাই নাযায়, তেজ আৰু পানী একেলগে বৈ নাযায়। তেওঁলোকে ভাৰতৰ স্থিতিক জাপানৰ প্ৰতিটো কোণতে প্ৰচাৰ কৰিবলৈ প্ৰবাসী ভাৰতীয়সকলক আহ্বান জনায়।
Site Admin | May 24, 2025 4:20 PM | Akashvani News | Baijayant Panda
বাহৰেইনত উপস্থিত বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল
