ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বায়ু প্ৰদৰ্শনীত হোৱা দুৰ্ঘটনাৰ বাবে ডি এম কে চৰকাৰক সমালোচনা মন্ত্ৰী ড০ এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কালি বায়ু প্ৰদৰ্শনীত হোৱা দুৰ্ঘটনাৰ বাবে ডি এম কে চৰকাৰক সমালোচনা কৰে। তিৰুনেলভেলীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে বায়ু সেনাৰ সৈতে সঠিক সমন্বয় ৰক্ষা নকৰাৰ বাবে চৰকাৰখনক দোষাৰোপ কৰে। তেওঁ লগতে ৰাজ্যখনত ড্ৰাগছৰ বেহা বৃদ্ধিৰ বাবেও ডি এম কে চৰকাৰক দোষাৰোপ কৰে।