বান পৰিস্থিতি; গুৱাহাটীৰ ৩ টা ঘাটৰ ফেৰী সেৱা বন্ধ

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আজি পুনৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ ৰখা হৈছে। ফেৰী ঘাটৰ ৰেম্পসমূহ পানীত বুৰ যোৱাত এই ৰেম্পসমূহৰ পুনৰ নিৰ্মাণ নোহোৱা পৰ্যন্ত গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব।
ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰীসেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা গৈছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো সহায়ৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জনাবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে।
গোলাঘাট জিলা প্রশাসনেও শেহতীয়া প্রতিকূল প্রাকৃতিক পৰিস্থিতিৰ বাবে প্ৰশানৰ বিষয়াসকলক সাজু থকাৰ নিৰ্দেশ দিছে। তদুপৰি এই সময়খিনিত ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে। তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী নামনি দিবাং জিলাৰ বোমজিৰ নৈৰ বাঢ়নি পানীৰ মাজত আবদ্ধ
হৈ পৰা ১৪ জন লোকক কালি হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হয়।
লখিমপুৰ জিলা আয়ুক্তই কালি জিলাখনৰ বান ক্ষতিগ্ৰস্ত পোতাবিল, পাঁচনৈ আৰু কয়লামাৰি অঞ্চলৰ পৰিস্থিতি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে লগতে বান পীড়িতসকলক সাহায্য বিতৰণৰ বাবে স্থাপন কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যৱস্থাৰ বুজ লয়।
শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভঙাত ব্ৰহ্মপুত্ৰৰ এখন শুইছ গেট পানীয়ে ভাঙি নিয়াত কোঁৱৰপুৰৰ জনবসতিপূর্ণ এলেকাৰ ক্ষতি হৈছে।
গৃহমন্ত্রী অমিত শ্বাহে কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা সৈতে ফোনযোগে বার্তালাপ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।