ডাউনলোড
মোবাইল এপ

android apple
signal

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্রশাসন সম্পূর্ণ ৰূপে সাজু

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্রশাসন সম্পূর্ণ ৰূপে সাজু হৈছে। বান পৰিস্থিতিক লৈ আজি হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত বাহুল গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত এ এছ এছ টি চিৰ অধ্যক্ষ প্রবীণ কুমাৰ দত্তৰ লগতে জিলা আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ একাংশ বিষয়া উপস্থিত থাকে। পর্যালোচনা সভাৰ অন্তত বিষয়াৰ দলটোৱে নাৱেৰে জিলাখনৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে।