ডাউনলোড
মোবাইল এপ

android apple
signal

September 20, 2025 12:45 PM | Shivraj Singh Chouhan

printer

বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। বানে ক্ষতি কৰা কৃষকক সাহায্য আগবঢ়াবলৈও কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বাস দিয়ে। কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বালিয়ে পুতি পেলোৱা শস্যভূমি পৰিদৰ্শন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ এটা দলে ক্ষয়-ক্ষতিৰ হিচাপ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰে। প্ৰতিবেদন দাখিলৰ পাছতে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে সাহায্য পুঁজি মুকলি কৰিব দিব। উল্লেখযোগ্য যে জম্মুত হাজাৰ হাজাৰ হেক্টৰ ভূমি বিশেষকৈ আৰ এছ পুৰা অঞ্চলৰ শস্য ভূমি যথেষ্ট অনিষ্ট হয়। আগষ্টৰ শেষৰফালে হোৱা মুষলদাৰ বৰষুণৰ ফলত অঞ্চলটোৰ শাক-পাচলি, বাচমতি ধানৰ খেতি নষ্ট হয়।