ডাউনলোড
মোবাইল এপ

android apple
signal

April 27, 2025 12:07 PM | Assam Flood

printer

বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ

ৰাজ্য চৰকাৰে বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় বান আয়োগে প্ৰকাশ কৰা মতে অসমৰ প্ৰায় ৩১,৫০০ বর্গ কিলোমিটাৰ এলেকা বান প্রবন। আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বান প্রবন এলেকাৰ পৰিমাণ মুঠ ভূ-ভাগৰ প্ৰায় ৩৯.৫৮ শতাংশ আৰু দেশৰ মুঠ বানপ্রবন এলেকাৰ ৯.৪ শতাংশ। আয়োগৰ প্ৰতিবেদনত লগতে ১৯৫০ চনৰ পৰা ৰাজ্যৰ প্ৰায় ৪ লাখ ২৭ হাজাৰ হেক্টৰ ভূমি খহনীয়াত জাহ গৈছে। ৰাজ্য চৰকাৰে মথাউৰি আৰু বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ কৰি নগৰাঞ্চলৰ সুৰক্ষাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে নলা-নৰ্দমাৰ উন্নয়ন, গেদ আঁতৰাই নৈৰ প্ৰবাহ বোৱাই ৰখাত আৰু নৈৰ পাৰৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। এই কামৰ বাবে চৰকাৰে বিশ্ববেংক, এছিয় বিকাশ বেংক আৰু নাবাৰ্ডৰ পৰা পুঁজি লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক