● ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ এই মত প্ৰকাশ কৰে। তেওঁ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মিঠা আম চাপৰিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সৈতে মত- বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি বান সাহায্য শিবিৰসমূহৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা আশ্রয় শিবিৰ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে কিছু সময় পাৰ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
ইপিনে গোলাঘাটত জনগাঁথনি পৰিৱৰ্তনৰ বাবে একাংশ চেষ্টা চলোৱা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। সন্দেহজনক লোকে অবৈধভাৱে ক’ত ভূমি দখল কৰিছে সেই সন্দৰ্ভত শীঘ্ৰেই বন বিভাগে তদন্ত কৰিব বুলিও তেওঁ কালি গোলাঘাটত প্ৰকাশ কৰে। তেওঁ কয়, যে সৰুপথাৰৰ উৰিয়ামঘাটলৈ সন্দেহজনক লোকৰ আগমন ঘটিছে। তেওঁ কয়, যে দুই-এদিনৰ ভিতৰত বন বিভাগৰ এটা দলে অবৈধভাৱে দখল কৰা ভূমি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব। এই তদন্তৰ পাছত ৰাইজ, বিধায়ক আৰু প্ৰশাসনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।
উল্লেখযোগ্য যে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ বিস্তীর্ণ অঞ্চল কেইবাদিনো ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ ৩৩টা সাহায্য শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে বানপীড়িত লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২৪ খন গাঁৱৰ প্ৰায় ছহেজাৰ লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহ চক্ৰৰ মুঠ ৯ খন গাঁৱৰ ৮ সহস্রাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে খুমটাই ৰাজহ চক্ৰৰ অধীনৰ ৩০ খন গাঁও আৰু গোলাঘাট ৰাজহ চক্ৰৰ মুঠ ২৩ খন গাঁৱৰ প্ৰায় দুহেজাৰ লোক এই বানৰ কবলত পৰিছে। সৰুপথাৰ ৰাজহ চক্ৰত সম্প্ৰতি মুঠ ৩১ খন গাঁৱৰ এহেজাৰ ৭০৮ জন লোক বানৰ কবলত পৰিছে। অঞ্চলটোৰ ৪৫১ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনে ৰাজহ চক্ৰটোত বৰ্তমানলৈকে ৪টা আশ্রয় শিবিৰ স্থাপন কৰিছে।
Site Admin | July 14, 2025 10:33 AM | Akashvani News | Chief Minister Himanta Biswa Sarma | CMO Assam
বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ
