ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰৰ লগতে মুক্ত চিন্তাৰ চলচ্চিত্ৰৰো প্ৰয়োজন আছে

● বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰৰ লগতে মুক্ত চিন্তাৰ চলচ্চিত্ৰৰো প্ৰয়োজন আছে। মুক্ত চিন্তাৰ চলচ্চিত্ৰই সমাজৰ প্ৰকৃত ছবি প্ৰতিফলত কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত কালি ৰাজ্যখনৰ ৩ গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালক অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলনকৃষ্ণ মহন্তই প্ৰকাশ কৰে।

তেওঁলোকে কয় যে মুকলি চিন্তাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত পৰিচালক তথা কলা কুশলীসকলে স্বাৱলম্বী আৰু স্বয়ংসম্পূর্ণভাৱে সকলো কাম সম্পন্ন কৰে। সম্প্ৰতি ৰাজ্য আৰু দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ চিন্তাৰ চলচ্চিত্ৰৰ গুৰুত্ব লাভ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰে। তেওঁলোকে লগতে এই ধৰণৰ চলচ্চিত্র নিৰ্মাণৰ ক্ষেত্ৰত থকা বিত্তীয় আৰু অন্যান্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও জানিবলৈ দিয়ে। অনুষ্ঠানটোত তেওঁলোকৰ সৈতে অন্তৰংগ আলাপত ভাগ লয় আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।