ডাউনলোড
মোবাইল এপ

android apple
signal

বাজেট অধিৱেশনত অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ’ব : শিক্ষামন্ত্রী

অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনতে অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই সংশোধনীৰ জৰিয়তে প্ৰাদেশিকীকৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত সালসলনি কৰা হ’ব। অৱশ্যে অৱশ্যে প্ৰাদেশিকীকৰণৰ বাবে ধাৰ্য্য ২০০৬ চনৰ ১ জানুৱাৰী ভিত্তিবৰ্ষৰ কোনো কাৰণতে সলনি নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। শিক্ষামন্ত্রী ডা° পেগুৱে কালি ১২ টা শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ – সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবার্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে। ডাঃ পেগুৱে কয়, যে প্ৰাদেশিকীকৰণ আইনৰ কেতবোৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেট উপ সমিতি গঠন কৰিছে। চৰকাৰে শিথিলতাৰে আইনৰ গণ্ডীৰ ভিতৰত থাকি সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা চলাব বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০০৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে স্বীকৃতি লাভ কৰা শিক্ষানুষ্ঠানসমূহৰ বিষয়টো পুনৰীক্ষণ কৰা হ’ব। প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় শিক্ষা বিভাগৰ বাবে নতুন একত্রিত সেৱা বিধি প্ৰস্তুত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। এই সন্দৰ্ভত শিক্ষক সংগঠনসমূহৰ সৈতে আলোচনা কৰি থকা হৈছে বুলি জানিবলৈ দি ডাঃ পেগুৱে কয় যে একত্রিত সেৱা বিধিত শিক্ষকসকলৰ পদোন্নতিৰ বাবে বিশেষ দফা সংলগ্ন কৰা হ’ব। হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তিৰ বাবে অসম মাধ্যমিক শিক্ষা সেৱা বিধিৰ সংশোধন ঘটোৱাৰ কথাও সদৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে নতুন সংশোধনীত সেৱা বিধি অনুসৰি বিজ্ঞানৰ স্নাতক শিক্ষকসকলো প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়ালৈ আহিব পাৰিব। নতুনকৈ পদ নিয়মীয়া হোৱা ঠিকাভিত্তিক শিক্ষকসকলে সেই সুবিধা নাপাব বুলিও তেওঁ জানিবলৈ দিয়ে। শিক্ষা বিভাগত নতুনকৈ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি দিয়া নহ’ব বুলিও তেওঁ ঘোষণা কৰে।
ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুল সমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্রাদেশিকীকৃত হাইস্কুলসমূহত প্রধান শিক্ষক পদলৈ পদোন্নতিৰ বাবে জিলা বাছনি সমিতিয়ে প্রস্তুত কৰা তালিকা ১০ দিনৰ ভিতৰত বন্ধ খামত দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশোধিত অসম মাধ্যমিক শিক্ষা সেৱা বিধিৰ অধীনত ৰাজ্যৰ হাইস্কুলসমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।

অধিক পঢ়ক

সকলো চাওক