

ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আজি অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলযোগে ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰিছে। তেওঁ দলটোৰ ১০গৰাকী উপ-সভাপতি, চাৰিগৰাকী সাধাৰণ সম্পাদক, ১০গৰাকী সম্পাদক, কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ লগতে ছ’চিয়েল মিডিয়া তত্বাৱধায়কৰ নাম ঘোষণা কৰে। মুখ্য মুখপাত্র, মিডিয়া আহ্বায়ক আৰু কাৰ্যালয় তত্বাৱধায়কৰ নামো সংবাদ মেলত ঘোষণা কৰা হয়। অহা ১০ দিনৰ ভিতৰত দলৰ ৮ টা মৰ্চাৰ সভাপতিসকলৰ নামো ঘোষণা কৰা হ’ব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিছে। ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত নৱনিৰ্বাচিত বিষয়াসকলক অভিনন্দন জনায়।