ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ উদ্যোগত আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীয়ে দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। অনুষ্ঠানত প্ৰাক্তন আলফা নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা, আম আদমী পাৰ্টী, অসমৰ প্ৰাক্তন সভাপতি তথা ২০২১ৰ লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্রার্থী মনোজ ধানোৱাৰ, অসম গোর্খা সন্মিলনৰ সভাপতি অর্জুন চেত্রী, অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক আৰু মুখপাত্র অমল পাটোৱাৰী, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা ত্ৰিদিপ তালুকদাৰ, শোণিতপুৰ জিলা কংগ্ৰেছব প্রাক্তন সভাপতি মাধুৰ্য গোস্বামী, ৰাইজৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা আটছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি নির্মল পায়েং, কংগ্ৰেছৰ কাৰ্যকতা প্রশান্ত শ‍ইকীয়া, জ্যেষ্ঠ অধিবক্তা অসীম চমুৱা আৰু মানস শ‍ইকীয়াই বিজেপিত যোগদান কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী আৰু ৰাজ্যিক সাংগাঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে এই অনুষ্ঠানত অংশ লৈ নতুন সদস্যসকলক দললৈ আদৰণি জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।