প্রাক্তন প্রধানমন্ত্রী, ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ সপ্তম মৃত্যু বার্ষিকীত আজি সমগ্ৰ ৰাষ্ট্ৰই প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। প্ৰসিদ্ধ নেতাগৰাকীয়ে ২০১৮ চনত শেষ নিশ্বাস ত্যাগ কৰিছিল। অটল বিহাৰী বাজপেয়ীয়ে তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। ১৯৯৬ চনত তেওঁ প্ৰথম বাৰ মাত্ৰ ১৩ দিনৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰিছিল। ইয়াৰ পাছত ১৯৯৮ৰ পৰা ১৯৯৯লৈ ১১ মাহৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব আছিল। প্রয়াত বাজপেয়ী ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ পূৰ্ণ কালৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ২০১৫ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত থকা তেওঁৰ স্মৃতিসৌধ সদৈৱ অটলত প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীলৈ পুষ্পার্ঘ্য্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু, গজেন্দ্ৰ সিং শেখাৱট, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ভালেমান গণ্যমান্য ব্যক্তিয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি সু-শাসনৰ প্ৰতিভু প্রয়াত বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
Site Admin | August 16, 2025 6:02 PM | Akashvani | Atal Bihari Vajpayee
বাজপেয়ীৰ সপ্তম মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰে স্মৰণ