বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যমঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে৷ শ্ৰীমোদীয়ে কয়, যে বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বড়োলেণ্ডত এসময়ৰ অপ্রীতিকৰ পৰিস্থিতিৰ পৰিৱৰ্তে এতিয়া প্ৰগতিৰ সূচনা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে এতিয়া বড়োভূমিত কৃষ্টি-সংস্কৃতিয়ে মনোমোহা পৰিৱেশৰ সূচনা কৰিছে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠীক সমগ্ৰ ভাৰতৰ গৌৰৱৰ আৰু স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে। বাগৰুম্বা নৃত্যই বড়ো জনগোষ্ঠীৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি যাব। প্রধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সন্মান আৰু আদৰ্শক নতুন পৰ্যায়লৈ লৈ গল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।