ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাক্সা জিলাৰ বিভিন্ন স্থানত গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ

বাক্সা জিলাৰ বিভিন্ন স্থানত আজি গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ হৈছে। জিলাখনৰ মা গোঁসানী, মা কামাখ্যা, কলিয়া ঠাকুৰ, ভাংৰা গোসাই, বুঢ়া গোঁসাই, গৰখীয়া আদি স্থানত এই উৎসৱ উদযাপন কৰা হয়। উল্লেখযোগ্য যে এই লোক উৎসৱৰ বাবে ৫-৬ ডাল দীঘল বাঁহ কাটি গৰু বিহুৰ দজিনাখন গোসাইদহৰ বাঁহ সজোৱা হয়। মুৰত পিতলৰ চোলা পিন্ধাই গোটেই গোসাই বাঁহদাল ৰঙীন কাপোৰেৰে মেৰিয়াই ওপৰত ৰুমাল, ফুলাম গামোচা আদি গাঁথি দিয়া হয়। গাওঁৰ চেমনীয়াসকলে দহৰগোসাইক ঢোল, তাল, বৰকাঁহ, শংখ আদি বজাই শোভাযাত্ৰাৰে ঘৰে ঘৰে লৈ গৈ বছৰটোৰ বাবে আশীৰ্বাদ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।