ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 3, 2025 8:46 PM | Baksa District

printer

বাক্সা জিলাৰ নিমুৱাত মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নিমুৱাত আজি মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে এই আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ উন্নয়ন পুজিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি নেতা দুগৰাকীয়ে চিলাৰায়ৰ সাহস আৰু পৰাক্ৰমে অসমীয়া জাতিক সদায় অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।