ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাক্সাৰ শালবাৰীত বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন

বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত খাম চিফুঙৰ তালে তালে বড়ো যুৱতীসকলে বাগৰুম্বা নৃত্য কৰা দৃশ্যই সকলোকে আপ্লুত কৰে। আবেলিৰ ভাগত বৈশাগু নৃত্য প্ৰতিযোগিতা, মুকলি সভা আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।