November 17, 2024 6:38 PM | Baksa

printer

বাক্সাৰ জালাহত অসম আৰক্ষীৰ শিশু অধিকাৰ সপ্তাহ ২০২৪ উদযাপন

বাক্সা জিলাৰ জালাহত আজি অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত শিশু অধিকাৰ সপ্তাহ ২০২৪ উদযাপন কৰা হয়। শিমলা আৰক্ষী থানাৰ উদ্যোগত আৰু ডাঃ অনন্ত একাডেমী, জালাহৰ সহযোগত আয়োজিত সভাত শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই ছাত্র-ছাত্রীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ডাঃ অনন্ত একাডেমীৰ অধ্যক্ষ ভৱেশ শৰ্মাই সভাপতিত্ব কৰা সভাখনত শিমলা থানাৰ ভাৰপ্ৰাপ্ত চন্দন গগৈ, জালাহ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গায়ত্ৰী গগৈ, জালাহ উন্নয়ন সমিতিৰ সম্পাদক সত্যজিৎ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু দুই শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।