● ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমৰো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়োদেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কালি দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক আলোচনাৰ বাবে তলব কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাংলাদেশত এখন প্রতিবাদী সভাত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ঘনিষ্ঠ এজন ৰাজনৈতিক নেতাই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছতে দেশখনৰ উচ্চায়ুক্তক তলব কৰা হয়। মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী কেতবোৰ বিষয়ত বাংলাদেশৰ উচ্চায়ুক্তগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰোৱা হয়। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশত ভাৰত বিৰোধী কার্যকলাপ নীৰৱ দৰ্শক হৈ সহ্য নকৰে বুলিও উচ্চায়ুক্তগৰাকীক স্পষ্ট কৰি দিয়ে। কালি বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত উচ্চায়োগৰ নিৰাপত্তা ব্যৱস্থাও শক্তিশালী কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশখনৰ যমুনাত থকা ভাৰতীয় ভিছা কাৰ্যালয় অনিৰ্দিষ্ট কাৰ্যালয়ৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে ১৬ ডিচেম্বৰত ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ বিজয় উৎসৱ উদযাপনৰ পাছতে ভাৰতে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ কেতবোৰ কূটাঘাতকাৰী শক্তিৰ কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি এই কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে।
ইপিনে, কাছাৰ জিলা প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে। দুমাহলৈ বলৱৎ হ’বলগীয়া এই নিৰ্দেশ অনুসৰি সীমান্তৰ ১ কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূর্যোদয়লৈকে জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি বৰাক নদীৰ জলপথ আৰু নৈপৰীয়া অঞ্চলসমূহত নাও চলাচল, যাতায়ত আৰু মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ আৰোপ কৰা হৈছে। একেদৰে সীমামূৰীয়া পাঁচ কিলোমিটাৰ এলেকাত নিশাৰ
ভাগত চেনি, চাউল, ঘেঁহু আৰু খোৱা তেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অৱশ্যে চৰকাৰী কামত নিয়োজিত কৰ্মচাৰীসকলক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে।