বাংলাদেশৰ সৈতে ভাৰতে সুস্থিৰ, ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক বৰ্তাই ৰাখিছে বুলি ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ প্ৰকাশ

বাংলাদেশৰ সৈতে ভাৰতে সুস্থিৰ, ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে কাম কৰি আছে বুলি স্পষ্ট কৰি দিছে। আজি ঢাকাত অনুষ্ঠিত বংগোপ সাগৰীয় বাৰ্তালাপত অংশগ্ৰহণ কৰি ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত প্রণয় বাৰ্মাই কয়, যে ভাৰতে বাংলাদেশৰ সৈতে শান্তি, নিৰাপত্তা, প্ৰগতি আৰু সমৃদ্ধিৰ দীৰ্ঘস্থায়ী সহযোগিতা স্থাপনত বিশ্বাস কৰে। তেওঁ কয়, যে ভাৰতৰ বিদ্যুৎ গ্রীডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ ৪০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ আন্তঃগাঁথনি সৃষ্টি হৈছে আৰু পেট্টাপ’ল-বেনাপ’ল সংহত তালাচী চকীৰ সা-সুবিধাসমূহো এই মাহৰ ভিতৰতে অধিক বৃদ্ধি কৰা হ’ব। উচ্চায়ুক্তগৰাকীয়ে দুই দেশৰ নাগৰিকসকলৰ মাজত থকা মৈত্ৰী আৰু সহযোগিতাৰ বান্ধোন অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।