ডাউনলোড
মোবাইল এপ

android apple
signal

September 1, 2025 8:08 PM | Arrest in Kokrajhar

printer

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত শিক্ষক আটক

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আজি ধুবুৰী আৰক্ষীয়ে এজন শিক্ষকক আটক কৰিছে। গোপন সূত্ৰৰ পম খেদি জিলাখনৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে কোকৰাঝাৰ জিলাৰ কাজিগাঁৱৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনৰ জেহাদী সংগঠনটোৰ সৈতে ঘনিষ্ট সম্পর্ক থকা শিক্ষক হজৰত আলীক আটক কৰে। কেইবাদিন ধৰি পলাতক হৈ থকা শিক্ষকজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই থকাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ধৃত শিক্ষক আলীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লক্ষীমাৰী মজলীয়া বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল। কিছুদিন পূৰ্বে একেখন বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰক আৰক্ষীয়ে জেহাদী সংগঠনটোৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।