বাংলাদেশৰ সাম্প্ৰতিক অস্থিৰ পৰিস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজত বেপাৰ-বাণিজ্যতো প্ৰভাৱ পেলাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনত আৰ্থ-সামাজিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাত ভাৰত-বাংলাদেশ সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰ সাময়িকভাৱে বন্ধ হৈ আছে। উল্লেখযোগ্য যে ভাৰত আৰু ভূটান তথা বাংলাদেশৰ পূৰ্বৱৰ্তী চৰকাৰৰ সৈতে হোৱা এটা এলানী আলোচনামৰ্মে ভাৰতীয় অভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰী জিলাত থকা এই নদী বন্দৰটোৰে ভূটানৰ পৰা বাংলাদেশৰ ছিলমাৰী নদী বন্দৰলৈ শিল পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু বাংলাদেশত উদ্ভৱ হোৱা অস্থিৰতাৰ বাবে ভাৰত চৰকাৰে সদ্যহতে সাময়িকভাৱে এই ব্যৱসায় বন্ধ কৰি ৰাখিছে।
Site Admin | August 10, 2024 6:40 PM | Indo-Bangladesh Trade
বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ বাবে ভাৰত-বাংলাদেশৰ ব্যৱসায়-বাণিজ্যত প্ৰভাৱ