■ প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমিত আজি বঙালী পৰিষদৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দেশখনত দীপু দাস নামৰ লোকজনৰ নৃশংস হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰক সতৰ্ক কৰি দিয়ে। তেওঁলোকে এই ঘটনাত কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে হস্তক্ষেপ কৰিবলৈ দাবী জনায়।
শিৱসাগৰত উজনি অসম থলুৱা মুছলীম কল্যাণ পৰিষদ আৰু উজনি অসম মুছলীম কল্যাণ পৰিষদে আজি বাংলাদেশৰ চৰকাৰ আৰু মৌলবাদী সংগঠনৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ঢাকাত দীপু দাসৰ নামৰ লোকজনক হত্যাৰ ঘটনাক গৰিহণা দি কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনায়।
ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত- বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটোত দিনে-নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্ত অঞ্চলতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
ৰাজ্য চৰকাৰে বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত ঢোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। তেওঁ কয়, যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে।
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বাংলাদেশত ভাৰত বিৰোধী অপপ্ৰচাৰ সম্পৰ্কত দেশখনৰ চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্রই নতুন দিল্লীত প্রকাশ কৰা এখন বিজ্ঞপ্তিত যোৱা ২০ ডিচেম্বৰত নতুন দিল্লীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়লৈ একাংশ দুষ্কৃতিকাৰী বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা কৰা বুলি বাংলাদেশৰ একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক অপপ্ৰচাৰ বুলি অভিহিত কৰে ।
আনহাতে, বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা অপ্রীতিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। ইপিনে, শনিবাৰৰ পৰা দেশখনৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কাম-কাজ বন্ধ কৰি দিয়া হৈছে।
পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কার্বি জাতীয় সংগঠনে চলাই থকা প্রতিবাদে আজি হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে আৰু বাসগৃহটো লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত তিনিজন প্ৰতিবাদকাৰী আহত হয়। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণত এজন আৰক্ষীৰ লোক আহত হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা ১৫ দিন ধৰি অনশন কাৰ্যসূচীকে ধৰি আন্দোলন চলাই আহিছে। আনহাতে এই ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে বিষয়টোত চৰকাৰ বা স্বায়ত্তশাসিত পৰিষদে বর্তমান হস্তক্ষেপ কৰিব নোৱাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। অঞ্চলটোৰ পৰিস্থিতি উত্তেজনাপূর্ণ যদিও নিয়ন্ত্ৰণত আছে বুলি আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনাইছে।
Site Admin | December 22, 2025 9:53 PM | Akashvani | Akashvani Guwahati | Akashvani News
বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত