বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটোত দিনে-নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি সীমান্ত অঞ্চলত থামেল কেমেৰা, নাইট ভিজন কেমেৰা আৰু চিচি টিভিৰ সহায়ত ২৪ ঘণ্টাই নিৰীক্ষণ কৰা হৈছে। একেদৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্ত অঞ্চলতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
ভাৰত চৰকাৰে ইতিমধ্যে বাংলাদেশত ভাৰত বিৰোধী অপপ্ৰচাৰ সম্পৰ্কত দেশখনৰ চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্রই নতুন দিল্লীত প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত যোৱা ২০ ডিচেম্বৰত নতুন দিল্লীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়লৈ একাংশ দুস্কৃতিকাৰী বলপূৰ্বকভাৱে প্ৰবেশৰ চেষ্টা কৰা বুলি বাংলাদেশৰ একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক অপপ্ৰচাৰ বুলি অভিহিত কৰে।
আনহাতে, বাংলাদেশৰ চট্টগ্রামত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা অপ্রীতিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। ইপিনে, শনিবাৰৰ পৰা দেশখনৰ চট্টগ্রামত থকা ভাৰতীয় ভিচা আবেদন কেন্দ্ৰৰ সকলো কাম-কাজ বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত চট্টগ্রাম কেন্দ্ৰৰ পৰা সকলো ধৰণৰ ভিচাৰ সেৱা বন্ধ থাকিব আৰু সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে পুনৰ সেৱা আৰম্ভ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।
ইপিনে দেশখনৰ আৰক্ষীয়ে ইনকিলাব মঞ্চৰ মুখপাত্র শ্বৰীফ ওছমান হাডিৰ হত্যা কাণ্ডৰ মূল অভিযুক্ত ফেইজল কৰীম মাছুড়ে দেশ এৰি যোৱা সন্দৰ্ভত কোনো ধৰণৰ নিৰ্দিষ্ট তথ্য পোৱা নাই বুলি প্ৰকাশ কৰিছে। আনহাতে দেশখনৰ মানৱাধিকাৰ সংস্থা আইন ও চালিছ কেন্দ্ৰই শেহতীয়াকৈ মৈমনসিঙত দিপু চন্দ্র দাস নামৰ এজন লোকক বৰভাৱে হত্যা কৰা আৰু লক্ষীপুৰৰ আক্ৰমণত এটি ৭ বছৰীয়া কন্যা শিশুৰ মৃত্যুৰ ঘটনাক কঠোৰভাৱে গৰিহণা দিছে। সংস্থাটোৱে এই ঘটনাই আইন শৃংখলাৰ পৰিস্থিতি ধ্বংস হোৱাকে প্রতিফলিত কৰে বুলি উল্লেখ কৰি প্ৰশাসনিক আৰু নিৰাপত্তাৰ সৈতে জড়িত বিফলতাৰ তদন্তৰ বাবে আহ্বান জনাইছে।
বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাছিনাই মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তঃৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক ব্যৱস্থা দুর্বল কৰাৰ লগতে ভাৰত বিৰোধী পৰিৱেশ সৃষ্টি কৰাৰ উপৰি উগ্রবাদী মনোভাৱক অনুপ্ৰাণিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এটা বাতৰিৰ প্ৰতিষ্ঠানক ই-মেইলৰ জৰিয়তে দিয়া সাক্ষাৎকাৰত শ্বেখ হাছিনাই দেশখনৰ শেহতীয়া পৰিস্থিতি ইচ্ছাকৃতভাৱে সৃষ্ট বুলি উল্লেখ কৰিছে মহম্মদ ইউনুছে সন্ত্রাসবাদ অভিযুক্ত লোকক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ লগতে অস্থিৰ অৱস্থা সৃষ্টি কৰিব পৰা কিছু সংখ্যক ব্যক্তিৰ হাতত ক্ষমতা প্ৰদান কৰা বুলি অভিযোগ তুলি তেওঁ কয় যে কুটনৈতিক কৰ্মচাৰী সকলৰ নিৰাপত্তা সন্দৰ্ভত নতুন দিল্লীৰ উদ্বিগ্নতা ন্যায় সংগত। ভাৰত আৰু বাংলাদেশৰ মিত্ৰতা কেইবাদশক পুৰণি বুলি উল্লেখ কৰি শেখ হাছিনাই কয় যে এই মিত্রতাই যিকোনো ক্ষণস্থায়ী চৰকাৰৰ পৰিধি অতিক্ৰম কৰিব। ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগী বাংলাদেশৰ ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ বুলি তেওঁ উল্লেখ কৰে।
শিলিগুৰি কৰ্ডিৰ সন্দৰ্ভত কিছু সংখ্যক বাংলাদেশী নেতাৰ মন্তব্য বিপদজনক আৰু দায়িত্বজ্ঞান শূন্য বুলি তেওঁ প্ৰকাশ কৰে। আঞ্চলিক স্থিৰতা, যাতায়তৰ সুবিধা তথা বাণিজ্যৰ বাবে নিৰ্ভৰ কৰিবলগীয়া চুবুৰীয়া দেশ এখন সন্দৰ্ভত কোনো দায়িত্বশীল নেতাই এনে মন্তব্য নকৰে বুলি তেওঁ উল্লেখ কৰে।
বাংলাদেশৰ সমাগত নির্বাচন সন্দৰ্ভত দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ দল আৱামী লীগ অবিহনে অনুষ্ঠিত নির্বাচন, এটা গণতান্ত্রিক অনুষ্ঠানৰ পৰিবৰ্তে একনায়কত্ববাদীৰ ৰাজ্যাভিষেক স্বৰূপ হ’ব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে বাংলাদেশে সমাগত ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱাৰ লগতে আৱামী লীগক এই নির্বাচনত প্রতিন্দ্বতা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। বাংলাদেশৰ নাগৰিকসকলৰ পৰা এটাও ভোট লাভ নকৰাকৈ মহম্মদ ইউনুছে প্রশাসন চলোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে জনাদেশৰ জৰিয়তে ৯ বাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা দলটোক মহম্মদ ইউনুছে নিষিদ্ধ কৰিব বিচাৰিছে।