বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশায্যৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়শোৱালে কয় যে ভাৰতে বাংলাদেশত ময়মনসিং চহৰত অলপতে এজন হিন্দু যুৱকৰ হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু এই ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ আনিবই লাগিব।
বাংলাদেশৰ আসন্ন নির্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰী জয়শোৱালে কয় ভাৰতে দেশখনত মুক্ত, নিকা, সর্বাত্মক আৰু অংশীদাৰমূলক নিৰ্বাচনৰ সমৰ্থন কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনত অহা ১২ ফেব্ৰুৱাৰীত সংসদীয় নির্বাচন অনুষ্ঠিত হোৱাৰ কথা।